আন্তৰ্জাতিক মাতৃভাষা দিৱস

Date: Feb 21, 2020 | Time: 11:00 AM | Venue/Mode: MCB 311

কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অহা 21 ফেব্ৰুৱাৰীত পুৱা 11 বজাৰ পৰা ‘আন্তৰ্জাতিক মাতৃভাষা দিৱস’ৰ আয়োজন কৰা হৈছে। দিৱসটোৰ লগত সংগতি ৰাখি বিভাগে নিৰ্দিষ্ট দিনটোত পুৱাৰে পৰা মাতৃভাষা সজাগতামূলক বাটৰ নাট, পোষ্টাৰিং আদিৰ ব্যৱস্থা কৰিছে। MCB 311 নং কোঠাত আবেলি 1 বজাৰ পৰা মাতৃভাষা দিৱসৰ মূল বক্তৃতানুষ্ঠানৰ দিহা কৰা হৈছে। মূল বক্তৃতাটি প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পোনা মহন্তই।  বিশ্ববিদ্যালয়ৰ উৰ্দ্ধতন কৰ্তৃপক্ষই অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটিত বিভাগীয় মুৰব্বীয়ে সকলোৰে উপস্থিতি কামনা কৰিছে।