বিভাগৰ বিষয়ে
কটন বিশ্ববিদ্যালয় (পূৰ্বৰ কটন কলেজ)-ৰ অন্তৰ্গত অসমীয়া বিভাগ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰ অবিচ্ছেদ্য অংগ৷ শিক্ষানুষ্ঠানখনত মহাবিদ্যালয় স্তৰৰ পাঠ্যক্ৰম হিচাপে অসমীয়া বিষয়টো কলিকতা বিশ্ববিদ্যালয়ৰ স্বীকৃতিৰে ১৯০৭ চনৰ পৰা প্ৰৱৰ্তন কৰা হয়৷ বৰ্তমান শিক্ষানুষ্ঠানখনত অসমীয়া বিষয় স্নাতকোত্তৰ পৰ্যায়ৰ ভাষা আৰু সাহিত্য, স্নাতক পৰ্যায়ৰ প্ৰধান বিষয়, আধুনিক ভাৰতীয় ভাষা আৰু অতিৰিক্ত পাঠ্যক্ৰম হিচাপে থকাৰ উপৰিও উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আধুনিক ভাৰতীয় ভাষা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত৷ বিভাগৰ অধীনত পিএইচ.ডি. গৱেষণাৰ ব্যৱস্থাও আছে৷ প্ৰতিষ্ঠা লগ্নৰে পৰা বিভাগটো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ স্বৰ্ণিল ইতিহাসৰ অংশীদাৰ৷
